আমারা বাংলা ভাষা শুদ্ধভাবে লিখতে ও বলতে চাই

Sunday, March 3, 2013

বাংলা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই প্ৰবন্ধটি বাংলা ভাষা বিষয়ক। বাংলা লিপি সম্বন্ধে জানিবলৈ বিচাৰিলে বাংলা লিপি প্ৰবন্ধটি পঢ়ক।
বাংলা
Bangla script.png
কোৱা হয় বাংলাদেশ, ভাৰত আৰু অন্যান্য কিছু দেশ
অঞ্চল দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চল
স্থানীয় ভাষিক আনুমানিক ২৩ কোটি ২০ লাখ  (date missing)
ভাষা পৰিয়াল
ইন্দো-ইউৰোপীয়
Writing system বাংলা লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা বাংলাদেশ, ভাৰত (ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ, ত্ৰিপুৰা আৰু অসম ৰাজ্যৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা) আৰু চিয়েৰা লিঅন
নিয়মাধীন হয় বাংলা একাডেমী (বাংলাদেশ)
পশ্চিমবঙ্গ বাংলা আকাদেমি (পশ্চিমবঙ্গ)
ভাষা সংকেত
ISO 639-1 bn
ISO 639-2 ben
ISO 639-3 ben
Anglospeak.svg
বিশ্বত বাংলা ভাষাৰ পৰিসৰ
বাংলা দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষাসংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বাংলা ভাষাৰ উদ্ভৱ হৈছে।
বাংলা দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ বাংলাদেশ আৰু ভাৰতৰ অঙ্গৰাজ্য পশ্চিমবঙ্গক লৈ গঠন হৈছে। ইয়াৰ বাহিৰেও ম্যানমাৰৰ উত্তৰাঞ্চলৰ ৰোহিঙ্গা জনগোষ্ঠীয়েও বাংলা ভাষাত কথা কয়। প্ৰায় ২০ কোটি মানুহৰ মাতৃভাষা বাংলা বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বাংলা বাংলাদেশৰ প্ৰধান ভাষা; ভাৰতবৰ্ষত বাংলা দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা [1][2]অসমীয়া আৰু বাংলা ভৌগলিকভাবে সকলোতকৈ পূৰ্বতে অৱস্থিত ইন্দো-ইৰানীয় ভাষা

সূচী

ইতিহাস

খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা মধ্য ভাৰতীয় আৰ্যভাষাসমূহৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বাংলা ভাষাটোৱো এটা [3]। কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বাংলা ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে। [4]

বাংলা ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:[3]
  1. প্ৰাচীন বাংলা (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ ) — লিখিত নিদৰ্শনৰ মাজত আছে চৰ্যাপদ, ভক্তিমূলক গান; আমি, তুমি, ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -ইলা, -ইবা, ইত্যাদি। ওৰিয়া আৰু অসমীয়া ভাষাত এই পৰব বাংলাৰ পৰা বেলেগ হৈ পৰে।
  2. মধ্য বাংলা (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন; শব্দৰ শেষত “অ” ধ্বনিৰ বিলোপ; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
  3. আধুনিক বাংলা (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে তাহাৰতাৰ; কৰিয়াছিলকৰেছিল)।
বাংলা ভাষা ঐতিহাসিক ভাৱে পালিৰ লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বাংলাৰ (চৈতন্য যুগেত) আৰু বাংলা সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বাংলাৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক ইন্দো-ইউৰোপীয় ভাষাসমূহৰ মাজত বাংলা আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে হিন্দী আৰু অন্যান্য ভাষাবোৰ আৰবী আৰু ফাৰ্ছী ভাষাৰ দ্বাৰা প্ৰভাবিত হৈছে।
বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত ঢাকা-ৰ শ্বহীদ মিনাৰ
১৮শ শতিকাৰ পূৰ্বে বাংলা ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী মানোএল দা আছসুম্পসাঁউ Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes নামত বাংলা ভাষাৰ প্ৰথম অভিধান আৰু ব্যাকৰণ ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল। [5] ন্যাথানিয়েল ব্ৰাচি হালহেড নামৰ এজন ইংৰাজ প্ৰাচ্যবিদে বাংলাৰ এখন আধুনিক ব্যাকৰণ লিখে, (A Grammar of the Bengal Language (১৭৭৮)) যিখন ছপাখানাৰ হৰফ (type) ব্যৱহাৰ কৰি প্ৰকাশিত সৰ্বপ্ৰথম বাংলা গ্ৰন্থ। [6] বাঙালিসকলৰ মাজত ৰাজা ৰামমোহন ৰায় আছিল প্ৰথম ব্যাকৰণ ৰচয়িতা; তেখেতৰ গ্ৰন্থখনৰ নাম "Grammar of the Bengali Language" (১৮৩২)। [7]
১৯৫১–৫২ চনত পূৰ্ব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বাংলা ভাষা। [8] পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বাংলাভাষী হোৱা সত্ত্বেও একমাত্ৰ উৰ্দু ভাষাকেই সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভনি হৈছিল।

ভৌগোলিক বিস্তাৰ

মাতৃভাষা হিচাপে বাংলা ভাষাৰ ভৌগোলিক বিস্তাৰ
বাংলা দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ বঙ্গ বা বাংলা নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বাংলা। [9] ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বাংলাভাষী লোক বসবাস কৰে।

চৰকাৰী মৰ্য্যদা

বাংলা দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বাংলাদেশৰ একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বাংলা অন্যতম।[1] ভাৰতৰ পশ্চিমবঙ্গ আৰু ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা হ’ল বাংলা[10] লগতে অসম ৰাজ্যৰ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্বীকৃত চৰকাৰী ভাষা হ’ল বাংলা।[11] ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্যতম স্বীকৃত ভাষা হৈছে বাংলা ভাষা।[12][13]

বাংলা ইউনিকোড

বাংলা ইউনিকোড U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে...
বাংলা
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x        
U+099x    
U+09Ax  
U+09Bx             ি
U+09Cx          
U+09Dx                        
U+09Ex    
U+09Fx          

No comments:

Post a Comment